Online
desk : 27 অক্টোবৰ : ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদৰ প্ৰত্যক্ষ নিযুক্তিৰ লিখিত পৰীক্ষা ইতিমধ্যে সম্পন্ন হ'ল। এই প্রত্যক্ষ নিযুক্তিৰ লিখিত পৰীক্ষাৰ ফলাফল অহা ফেব্ৰুৱাৰী মাহত প্রকাশ পাব।
দিছপুৰত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অহা ফেব্ৰুৱাৰী মাহত দুয়োটা লিখিত পৰীক্ষাৰে ফলাফল দিয়া হ'ব। অহা ৭-১০ দিনৰ ভিতৰত চতুৰ্থবৰ্গৰ প্ৰত্যক্ষ নিযুক্তিৰ লিখিত পৰীক্ষাত Answer Key প্ৰকাশ পাব। পূৰ্বৰ পৰীক্ষাসমূহৰ দৰে এই পৰীক্ষাত অৱতীৰ্ণ হোৱা প্রার্থীসকলেও অ'এমআৰশ্বীট চাব পাৰিব। সংবাদ মেলখনত মুখ্যমন্ত্রী ড° শর্মাই কয় যে অহা ১০ মে'ত শিক্ষা বিভাগ, অসম আৰক্ষী, তৃতীয়-চতুৰ্থবৰ্গৰ প্ৰত্যক্ষ নিযুক্তিৰ প্ৰায় ৩৫ হাজাৰ প্ৰাৰ্থীক নিযুক্তি প্রদান কৰা হ'ব। তদুপৰি আৰু ১৫ হাজাৰ নতুন পদো চৰকাৰে অচিৰেই মুকলি কৰিব। তৃতীয় আৰু চতুৰ্থবৰ্গৰ প্ৰত্যক্ষ নিযুক্তিৰ মৌখিক পৰীক্ষাৰ বাবে এটা পদৰ বিপৰীতে দুগৰাকীকৈ প্রার্থী থাকিব বুলিও মুখ্যমন্ত্রী ড° শর্মাই উল্লেখ কৰে। মন কৰিবলগীয়া এয়ে যে অহা ১০ মে'ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ চতুর্থ বর্ষপূর্তি। সেই দিনটোতে ৰাজ্য চৰকাৰে নতুনকৈ প্রায় ৩৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি দিব। এই লক্ষ্যৰেই চৰকাৰখনে বৰ্তমান বিভিন্ন পর্যায়ত বিভিন্ন বিভাগৰ সাক্ষাৎকাৰ আদি অনুষ্ঠিত কৰি আহিছে।
0 Comments