Online Desk : ২৭ অক্টোবৰঃ অহা ৩-৯ নৱেম্বৰলৈ ৰাজ্যত উদ্যাপন হ'ব 'ভাষা গৌৰৱ সপ্তাহ'। যোৱা তিনি অক্টোবৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটে অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মর্যাদা দিয়াৰ পৰিপ্ৰেক্ষিতত অহা ৩ নৱেম্বৰৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে ভাষা গৌৰৱ সপ্তাহ উদ্যাপনৰ আয়োজন কৰা হৈছে। আজি দিছপুৰত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড" হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কবে। মুখ্যমন্ত্রী ড' শর্মাই কয় যে চতুর্থ শতিকাৰ পৰাই অসমীয়া ভাষাৰ গৌৰৱ যাত্রা আৰম্ভ হয় ।
অসম প্রকাশন পৰিষদে এই সম্পর্কত সুন্দৰ কাৰিকৰী প্রতিবেদন যুগুতাই উলিয়াইছিল। ভাষা গৌৰৱ সপ্তাহত এই প্রতিবেদনৰ সংক্ষিপ্ত বিৱৰণ আৰু চৰকাৰৰ প্রচেষ্টা সন্নিবিষ্ট কৰা হৈছে। ভাষা গৌবর সপ্তাহত মহাবিদ্যালয়, বিশ্ববিদ্যালয়, শিক্ষানুষ্ঠান আদিত জতুৱা ঠাঁচ, কথন, কবিতা লিখন, শব্দৰ দেৱবাল আদি বিভিন্ন প্রতিযোগিতা অনুষ্ঠিত হ'ব। সাহিত্য সভা, ক্লাব, মহিলা সমিতি, আত্মসহায়ক গেটি আদিয়েও এই ভাষা গৌৰৱ সপ্তাহত অংশ ল'ব।
এই ভাষা গৌৰৱ সপ্তাহ অকল অসমীয়া ভাষাৰ ওপৰতেই সীমাবদ্ধ নাথাকি ৰাজ্যখনত স্বীকৃত ১৪টা ভাষাৰ ওপৰতে চর্চা চলিব। বাংলা, বড়ো, মণিপুৰী, নেপালী, চাওতালী, মিচিং, কার্বি, ডিমাচাকে ধৰি স্বীকৃত ১৪টা ভাষাক লৈ সংশ্লিষ্ট ভাষাৰ শিক্ষানুষ্ঠান আদিত জতুৱা ঠাঁচ, কখন, কবিতা লিখন, শব্দৰ দেৱাল আদি প্রতিযোগিতা অনুষ্ঠিত হ'ব। ভাষা গৌৰৱর সপ্তাহত যিসকল লেখক, পণ্ডিত, সাহিত্যিকে অবদান যোগালে তেওঁলোকক ধন্যবাদ জনোৱাৰ প্রস্তাৱ গ্রহণ কৰা হ'ব। তদুপৰি প্রধানমন্ত্রী নবেন্দ্র মোদীকো ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কবি প্রস্তার গ্রহণ কৰা হ'ব। অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মর্যাদা দিয়াৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰি প্রস্তার গ্রহণ কৰা হ'ব।
এই ভাষা সপ্তাহত ৰাজ্যখনৰ পৰা প্রধানমন্ত্রী নবেন্দ্র মোদীলৈ ধন্যবাদ জ্ঞাপন কৰি কেইবাহাজাৰ প্রস্তাৱ প্রেৰণ কৰা হ'ব। এই ভাষা গৌৰৱ সপ্তাহত ইংৰাজীৰ পৰিবর্তে ভাৰতীয় ভাষাৰ ওপৰত চর্চা চলিব। অসম চৰকাৰৰ মন্ত্রীসকলে একোখন জিলাত গৈ ভাষ্য গৌৰৱ সপ্তাহৰ কাৰ্যসূচীত অংশগ্রহণ কৰিব। অৱশ্যে উপ-নির্বাচন হ'বলগীয়া জিলাসমূহত ভাষা গৌৰৱ সপ্তাহৰ কোনো চৰকাৰী কাৰ্যসূচী অনুষ্ঠিত নহয়। সংশ্লিষ্ট জিলাসমূহত বেচৰকাৰী পৰ্যায়ত ভাষা গৌৰৱ সপ্তাহ অনুষ্ঠিত হ'ব।
0 Comments