প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেনা জোৱানৰ সৈতে কেনেকৈ পালন কৰিলে দীপাৱলী

 



News Desk: 31 Oct,

সেনাৰ পোছাক, মূৰত টুপি... চাওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জোৱানৰ সৈতে কেনেকৈ পালন কৰিলে পোহৰৰ উৎসৱ দীপাৱলী
সেনাৰ পোছাক, মূৰত টুপি... চাওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জোৱানৰ সৈতে কেনেকৈ পালন কৰিলে পোহৰৰ উৎসৱ দীপাৱলী
প্ৰধানমন্ত্ৰীয়ে ভাৰত-পাক জলসীমাত বিএছএফৰ জোৱানসকলক উৎসাহ প্ৰদান কৰে। পেট্ৰ’লিং ব’টত উঠি বিএছএফৰ জোৱানসকলক সাক্ষাতৰ বাবে উপস্থিত হয় মোদী। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে একতা দিৱস উপলক্ষে ষ্টেচ্যু অব ইউনিটীত পুষ্পাঞ্জলি অৰ্পণ কৰে।

পোহৰৰ উৎসৱ দীপাৱলী উদযাপনৰ বাবে গুজৰাটৰ কচ্চৰ লাকী নালাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই স্থান কচ্চৰ কোটেশ্বৰৰ সমীপত। আছে ব’ৰ্ডাৰ ছিকিউৰিটী ফ’ৰ্চ (বিএছএফ)ৰ পোষ্ট। কোটেশ্বৰ ভাৰতীয় মানচিত্ৰৰ আটাইতকৈ পশ্চিম বিন্দুত অৱস্থিত। প্ৰধানমন্ত্ৰী মোদীয়ে সেনাৰ পোছাক আৰু টুপি পিন্ধি পেট্ৰ’লিং নাঁৱত উঠি জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ উপস্থিত হয়।



প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেট্ৰ’লিং নাৱত জোৱানসকলক সাক্ষাৎ কৰে। জোৱানসকলক উৎসাহ প্ৰদান কৰে। লগতে তেওঁ জোৱানসকলক মিঠাই খুৱাই দীপাৱলী উদযাপন কৰে। জোৱানসকলক সাক্ষাৎ কৰাৰ আনন্দ প্ৰধানমন্ত্ৰীগৰাকীৰ মুখত পৰিস্ফূত হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিএছএফ, সেনা, নৌসেনা আৰু বায়ুসেনাৰ জোৱানসকলৰ সৈতে দীপান্বিতা পালন কৰে। লগতে জোৱানসকলৰ সৈতে ‘ভাৰত মাতা কী জয়’ ধ্বনিও দিয়ে।


প্ৰধানমন্ত্ৰী মোদীয়ে যি স্থানত দীপাৱলী উদযাপন কৰিবলৈ উপস্থিত হয় সেয়া ভাৰত-পাকিস্তানৰ জলসীমা। ইয়াত সমুদ্ৰিক ক্ষেত্ৰত আছে বিএছএফৰ পোষ্ট। প্ৰধানমন্ত্ৰীয়ে ভাৰত-পাক জলসীমাত বিএছএফৰ জোৱানসকলক উৎসাহ প্ৰদান কৰে। পেট্ৰ’লিং ব’টত উঠি বিএছএফৰ জোৱানসকলক সাক্ষাতৰ বাবে উপস্থিত হয় মোদী। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে একতা দিৱস উপলক্ষে ষ্টেচ্যু অব ইউনিটীত পুষ্পাঞ্জলি অৰ্পণ কৰে।



মোদীয়ে এক্সত পোষ্ট কৰি লিখিছে, ‘দেশবাসীলৈ দীপাৱলীৰ বহুত বহুত শুভকামনা। পোহৰৰ এই উৎসৱ উপলক্ষে মই সকলোৰে সুস্থ, সুখময় আৰু সৌভাগ্যপূৰ্ণ জীৱনৰ কামনা কৰিছো। মা লক্ষ্মী আৰু ভগৱান শ্ৰীগণেশৰ কৃপাত সকলোৰে কল্যাণ হওক।’


প্ৰধানমন্ত্ৰীয়ে ষ্টেচু অব ইউনিটীত পুষ্পাঞ্জলি অৰ্পণ কৰে। ইয়াৰ পিছত ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে একতা দিৱসৰ শপত গ্ৰহণ কৰি একতা দিৱসৰ পেৰেড দৰ্শন কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদী দুদিনীয়া গুজৰাট ভ্ৰমণলৈ গৈছে। প্ৰধানমন্ত্ৰী হোৱাৰ পিছত প্ৰায় প্ৰতি বছৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে জোৱানসকলৰ সৈতে প্ৰতি বছৰে দীপাৱলী উদযাপন কৰে। ২০১৪ চনত প্ৰথমবাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মোদীয়ে চিয়াচিনত জোৱানসকলৰ সৈতে দীপাৱলী পালন কৰিবলৈ উপস্থিত হৈছিল।




Post a Comment

0 Comments